Monday, August 8, 2011

মাটি কাঁন্দুৰী ( RACABA)


ASSAMESE NAME :মাটি কাঁন্দুৰী
ENGLISH NAME : RACABA
SCIENTIFIC NAME : ALTERNANTHERA SESSILIS
FAMILY : AMARAN THACEAL

চমু পৰিচয় : এই বিধ বনজাতিয় উদ্ভিদ, প্ৰত্যেক মানুহৰ ঘৰৰ বাৰীৰ চুকে কোনে দেখিবলৈ পোৱা যায় | মাটি কাঁন্দুৰী এবিধ মাটিত বগাই যোয়া শাখা-প্ৰশাখাযুক্ত শাক জাতীয় উদ্ভিদ | ফুলবোৰ বগা আৰু মিহি, সাধাৰনতে ফুল বোৰ কান্দৰ পৰা ওলায় | ইয়াৰ পাত প্ৰায় ৬ ছে:মি: দীঘল আৰু ২ ছে:মি: বহল হয় |
ঔষধি গুনাগুন :
১. মাটি কাঁন্দুৰীৰ পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টি শক্তি বৃদ্ধি কৰে |
২. মাটি কাঁন্দুৰী নিয়মীয়াকৈ খালে ৰক্ত কণিকা আৰু মাংসপেশী আটিল কৰে |
৩. মাটি কাঁন্দুৰীৰ ৰসত অলপ নেমুৰস মিহলাই নিমখ দি খালে গ্ৰহনী ৰুগ উপসম পায় |
৪. মাটি কাঁন্দুৰীৰ আগ ৪/৫ ফুটামান নহৰুৰ লগত পাতত দি পিটিকা কৰি খালে পেটৰ বাবে উপকাৰি |
৫. মাটি কাঁন্দুৰী, টেঙেচি, মানিমুনি একেলগ কৰি তাৰ ৰস খালে হৃদৰোগ উপসম হয় |

No comments:

Post a Comment