Sunday, June 5, 2011

বনানী --

প্ৰাথমিক হিচাবমতে অসমত কমেও ৩৫০ বিধ সঘনা‍ই ব্যৱহৃত হোৱা ঔষধি উদ্ভিদ আছে |ঔষধি জাতীয় উদ্ভিদ সমূহৰ গুৰুত্বৰ বিষয়ে বহলা‍ই আলোচনা কৰাৰ প্ৰয়োজন বোধকৰো নাই কিয়নো আয়ুৰ্বেদৰ দিনৰে পৰা ভাৰতীয় লোকে জানে এই ঔষধী গুণযুক্ত উদ্ভিদসমূহৰ গুৰুত্বৰ বিষয়ে |
ঔষধি উদ্ভিদৰ বিষয়ে প্ৰাথমিক আভাস সৰ্ব সাধাৰণৰ মাজত সহজলভ্য কৰাটোৱেই ‘বনানী’ৰ মুখ্য উদ্দেশ্য |আজি ‘বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস’ৰ লগত সংগতি ৰাখি ‘বনানী’ক ৰাইজৰ মাজলৈ আগবঢ়ালো, সকলোৰে সহায় সহযোগিতা কামনা কৰি