Monday, August 8, 2011

চেংমৰা (SPINY ARUM )


ASSAMESE NAME : চেংমৰা
ENGLISH NAME : SPINY ARUM
SCIENTIFIC NAME : LASIA SPINOSA
FAMILY : ARACEAE

পৰিচয় :
চেংমৰা বাৰীৰ ঢাপ বা পিটনি আদি ঠাইত হোৱা জোপোহা জাতীয় গছ | নদী কাষৰীয়া জেকা ঠাইত সাধাৰণতে বেচিকৈ দেখা পোৱা যায় | পাতৰ ঠাৰি যথেষ্ট দীঘল, ত্ৰিভূজকাৰ, গাত সৰু কাঁইট থকা কচুৰ দৰে এবিধ বনৰীয়া উদ্ভিদ | পাত কেইবা খণ্ডত বিভক্ত, পুষ্প মঞ্জৰী চুটি আৰু গোটা, পুংকেশৰ ৪-৬ ডাল, পুংদণ্ড চুটি |

ঔষধীয় গুণ :
১. চেংমৰাৰ কোমল পাতৰ ৰস খালে কেছুমূৰীয়া ৰোগ নাশ হোৱাত সহায়  হয় |
২. চেংমৰাৰ কুমলীয়া পাত আঞ্জা কৰি খালে দৃষ্টিশক্তি বৃদ্ধি, স্নায়ু সৱল হয় |
৩. ভেকুৰীৰ সৈতে চেংমৰাৰ কোমল পাত পাতত দি খালে ক্ৰিমি নাশ হয় |
৪. দেহত তেজৰ হিম’গ্লবিন তৈয়াৰ কৰাত চেংমৰাৰ কোমল পাতে যথেষ্ট সহায় কৰে |
৫.চেংমৰা পাতৰ ৰস নিয়মীয়া কৈ খাই থাকিলে অৰ্শ ৰোগৰ পৰা উপশম পাব পাৰি |
৬. পেটৰ ৰোগৰ কাৰণে চেংমৰা পাতৰ আঞ্জা উপকাৰী |

শুকলতি (PATCHOULI)


ASSAMESE NAME : শুকলতি
ENGLISH NAME : PATCHOULI
SCIENTIFIC NAME : POGOSTEMON BENGHALENSIS

চমু পৰিচয় :
বহুৰ্বষ জীৱি গোন্ধযুক্ত এবিধ জোপোহা উদ্ভিদ | পাত বহল জবা ফুলৰ গছৰ পাতৰ দৰে, আগত শুং থাকে | শুকলতিৰ প্ৰায় পাত ১৫ ছে:মি: মান দীঘল আৰু ৮ ছে:মি: বহল হয় | ফুল বগা আৰু পাতল গুলপিয়া ৰঙৰ | কাণ্ডৰ পৰা ঠাল ঠেঙুলি ওলাই |

ঔষধিৰ গুন :
১. শুকলতিৰ পাত আঞ্জা বা পাতত দি খাব পাৰি | পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সৱল কৰে |
২. শুকলতিৰ পাতৰ ৰস গ্ৰহনী ৰোগৰ বা পেটৰ যি কোনো ৰোগৰ বাবে বৰ উপকাৰী |
৩. কেচা নহৰুৰ সৈতে ইয়াৰ পাতৰ ৰস খালে গাঠিৰ বিষ, হাড় মজবুট, আৰু কোষ্ট কাঠিন্য নোহোৱা কৰে |
৪. প্ৰসৱৰ পাচত মাতৃয়ে শুকলতিৰ পাতৰ আঞ্জা বা পাতত দি খালে, দেহত শক্তি আৰু ঘা সোনকালে শুকুৱাই |

মাটি কাঁন্দুৰী ( RACABA)


ASSAMESE NAME :মাটি কাঁন্দুৰী
ENGLISH NAME : RACABA
SCIENTIFIC NAME : ALTERNANTHERA SESSILIS
FAMILY : AMARAN THACEAL

চমু পৰিচয় : এই বিধ বনজাতিয় উদ্ভিদ, প্ৰত্যেক মানুহৰ ঘৰৰ বাৰীৰ চুকে কোনে দেখিবলৈ পোৱা যায় | মাটি কাঁন্দুৰী এবিধ মাটিত বগাই যোয়া শাখা-প্ৰশাখাযুক্ত শাক জাতীয় উদ্ভিদ | ফুলবোৰ বগা আৰু মিহি, সাধাৰনতে ফুল বোৰ কান্দৰ পৰা ওলায় | ইয়াৰ পাত প্ৰায় ৬ ছে:মি: দীঘল আৰু ২ ছে:মি: বহল হয় |
ঔষধি গুনাগুন :
১. মাটি কাঁন্দুৰীৰ পাতৰ ৰস খালে মাতৃ দুগ্ধ আৰু দৃষ্টি শক্তি বৃদ্ধি কৰে |
২. মাটি কাঁন্দুৰী নিয়মীয়াকৈ খালে ৰক্ত কণিকা আৰু মাংসপেশী আটিল কৰে |
৩. মাটি কাঁন্দুৰীৰ ৰসত অলপ নেমুৰস মিহলাই নিমখ দি খালে গ্ৰহনী ৰুগ উপসম পায় |
৪. মাটি কাঁন্দুৰীৰ আগ ৪/৫ ফুটামান নহৰুৰ লগত পাতত দি পিটিকা কৰি খালে পেটৰ বাবে উপকাৰি |
৫. মাটি কাঁন্দুৰী, টেঙেচি, মানিমুনি একেলগ কৰি তাৰ ৰস খালে হৃদৰোগ উপসম হয় |

পদিনা/পদুনা/পদনা ( MINT/HORSE MINT/MINT MARSH)


ASSAMESE NAME: পদিনা/পদুনা/পদনা
ENGLISH NAME : MINT/HORSE MINT/MINT MARSH
SCIENTIFIC NAME : MENTHA ARVENSIS
FAMILY : LAMIACEAE

চমু পৰিছয় : পদিনা এবিধ চাপৰ লতা জাতীয় উদ্ভিদ | ইয়াৰ অসংখ্য শাখা প্ৰশাখা থাকে| ইয়াৰ পাত সৰল অভিমুখি, পাতৰ ঠাৰি নাই | পাতৰ কাষ কৰতৰ দৰে খাজ কটা, ওপৰৰ ভাগ মিহি আৰু তলৰ ভাগ গ্ৰন্হিযুক্ত, ফুল সৰু আৰু বেঙুনীয়া, সাধাৰনতে অলপ জেকা ঠাইত বেছি ভাল কৈ হয় | ই এবিধ সুগন্ধিযুক্ত উদ্ভিদ | পদিনা হিমালয়ৰ পাদদেশত, কাশ্মিৰ উপত্যকাত পদিনাৰ প্ৰচুৰ খেতি হয় | অসমৰ প্ৰায় বিলাক মানুহৰ ঘৰতে পদিনাৰ গছ দেখিবলৈ পোৱা যায় |
ঔষধিয় গুণ :
১. হজমশক্তি হ্ৰাস হলে বা পেটৰ বিষ হ’লে, বদহজম হ’লে, সূতা পেলু আৰু পুৱা বমি বমি ভাৱ হ’লে পদিনাৰ ৰস ১ চামুচ, নেমুৰ ৰস ১ চামুচ আৰু আধা চামুচ মৌজোল মিহলাই দিনে ২ বাৰ কৈ খালে পেটৰ সকলো অসুখৰ পৰাই সুফল লাভ কৰে |
২. এজমা ব্ৰংকাইটিছ আৰু যক্ষ্মা ৰোগত ভোগা মানুহে ১ চামুচ পদিনাৰ ৰস, তাত সমপৰিমানৰ ভিনেগাৰ আৰু মৌজোল মিহলাই ১ চামুচ গাজৰৰ ৰসৰ লগত দিনে তিনি বাৰ কৈ খালে বেমাৰ বহুত উপসম পাব |
৩. সজীৱ পদিনাৰ পাত কেইখিলামান নিতৌ চোবাই খালে এন্টিচেপটিকৰ কাম কৰে | পদিনাৰ পাতৰ পেস্ট কৰি দাঁত ঘঁহিলে দন্ত ক্ষ্য়, পায়োৰিয়া আৰু দাঁতৰ যি কোনো সমস্যা দুৰ কাৰিব পাৰি |
৪. মানুহৰ প্ৰস্ৰাৱ হালধীয়া হলে পদিনাৰ ৰস খালে প্ৰস্ৰাৱ স্বাভাবিক হ্য় |
৫. পদিনাই স্নায়ুবিক দুব্বলতা কমায় | আৰু স্মৰন শক্তি বৃদ্ধি কৰে |
৬. পদিনা নিয়ামীয়াকৈ খালে চুলি অকাল পক্কটা প্ৰতিৰোধ হ্য় |

পচতীয়া / আজ্ঞাচিত ( Indian Pivet)


Assamese Name: পচতীয়া / আজ্ঞাচিত
English Name : Indian Pivet
Scientific Name : VITEX NEGUNDO

এই বিধ অতি সাধাৰন আৰু লাগতিয়াল ঔষধি গছ | ই এবিধ গোন্ধ যুক্ত প্ৰায় ১০-১২ ফুট ওখ হোৱা দেখা যায় | অসমৰ প্ৰায় মনুহৰ ঘৰতে এই বিধ গছ দেখিবলৈ পোৱা যায় |

ঔষধি গুনাগুন : ১. কেই টা মান কুমলিয়া পাত কুমলিয়া ভীম কলৰ লগত মিহলাই খালে গ্ৰহনি ৰুগ উপশম হ্য় |
২. শুকান পাতৰ গুডি নিতৌ খালে মেদ কমে |
৩. পচতীয়া গছৰ শুকান পাতৰ ধোঁৱাই মহ আদি দুৰ কৰে |
৪. পচতীয়া পাতৰ ৰস খালে বৈভিন্ন ধৰনৰ গাৰ বিষ উপশম হয় |
৫. ২-৩ টা পচতীয়া পাত ঘিউত ভাজি খালে ভোক আৰু স্মিতি শক্তি বাঢে |
৬. চুলি সৰিলে বা টকৌয়ে খালে পচতীয়া পাত ৰস নাৰিকল তেলৰ লগত কিছু গৰম কৰি মুৰত সানিলে ভাল হয় |

তিতা কেৰেলা ( BITTER GOURD)



Assamese Name; তিতা কেৰেলা
ENGLISH NAME : BITTER GOURD
SCIENTIFIC NAME : MOMORDICA CHARANTIA

চমু পৰিছয় :
তিতা কেৰেলা লতা জাতিয় গছ | ইয়াৰ পাত বোৰ দীঘল আৰু সৰল | পাত বিলাক কেবাটাও খণ্ডত বিভক্ত আৰু কাষ বিলাক কটা | পাতৰ গুৰিৰ পৰা পাক খাই থকা দীঘল সূতা ওলায় | ফুল বিলাক একলিঙ্গ আৰু ৰং হালধীয়া | তিতা কেৰেলা বিলাক কেচাতে সেউজীয়া কিন্তু পকিলে হালধীয়া ৰঙৰ হয় | তিতা কেৰেলা বিলাক ৫-১৫ ছে:মি: দীঘল হয় | খাবলৈ তিতা, পকিলে ভিতৰত বহুতো গুটি হ্য়, দেখিবলৈ চেপেটা আৰু প্ৰায় ১-২ ছে:মি: দীঘল হয় |

ঔষধিয় গুণ :
১. তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু
ব্ৰংকাইটিছ অসুখ ভাল হয় |
২. ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক | তিতা কেৰেলাই
ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে |
৩. ৫০-৬০ গ্ৰাম তিতা কেৰেলা ৰস একাপ পানীত মিহলাই খালে তেজ পৰিস্কাৰ হয় |
৪. তিতা কেৰেলা খালে ৰোগ প্ৰতিৰোধ আৰু শৰীৰত শুক্তি বঢ়াই |
৫. তিতা কেৰেলাই বহুমুত্ৰ আৰু ছালৰ অসুখ ভাল কৰে |
৬. তিতা কেৰেলাৰ পৰা MAP-20 নামৰ এবিধ প্লোটিন পোৱা যায় যিটোয়ে HIV নাশ কৰে |

নেফাফু (Nephaphu )


Assamese: নেফাফু (Nephaphu )
common name : East Indian Glory Bower
Botanaical Name : Clerodendrum colebrookianum
Family : Verbenaceae
Khasi : Dieng jakangum, Deing jalemkynthei
Mizo : Phuuihnam
Nepali : Anpui

East Indian glory bower is shrub or small tree. 1.5 to 3 m tall. branches are robust, 4 angled. leaf stalks are 2 to 20cm long, flowers are white or rarely pinkish with along narrow tubeof 1.2 -2.5 cm.
east Indian Glory Bower is found in N.E. India and parts of China and SE Asia. flowering : August _ December

নেফাফু এবিধ বহু বৰ্ষজীৱি ডাঙৰ ডাঙৰ পাতৰ প্ৰায় ২ মিটাৰমান ওখ, জোপোহা, সৰু, ঔষধী উদ্ভিদ |ওপৰৰ ফালে জোঙাহৈ বাঢ়ি যোৱা গাগছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি| গাঠিৰ পৰা ডাল পাত আদি ওলায় | ডাঙৰ ডাঙৰ পাতবোৰৰ তলৰ পিঠি খহতা |এই পাতবোৰৰ ঠাৰিৰ তলফালে চেনিৰ নিচিনা পদাৰ্থ দানা বান্ধি থাকে বাবে পাতত কলা-পৰুৱা ভৰি থকা দেখা যায় |তিতা-জ্বলা স্বাদৰ পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায় |বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে |কেৱল উত্তৰ পূৰ্বাঞ্চলতহে এই উদ্ভিদ বেছিকৈ পোৱা যায় |

ঔষধী গুণসমূহ :

• নেফাফু গছৰ পাত উচ্চ ৰক্তচাপৰ বাবে বৰ উপকাৰী |
• ইয়াৰ ৩/৪ টা কোমল আগ চাৰিকোঁহ কেচাঁ নহৰুৰ লগত পিঁহি সুদা পেটত নাইবা পাতত দি তিনি চাৰি দিন খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত আহে |
• নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী
• এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয় |