Monday, August 8, 2011

পচতীয়া / আজ্ঞাচিত ( Indian Pivet)


Assamese Name: পচতীয়া / আজ্ঞাচিত
English Name : Indian Pivet
Scientific Name : VITEX NEGUNDO

এই বিধ অতি সাধাৰন আৰু লাগতিয়াল ঔষধি গছ | ই এবিধ গোন্ধ যুক্ত প্ৰায় ১০-১২ ফুট ওখ হোৱা দেখা যায় | অসমৰ প্ৰায় মনুহৰ ঘৰতে এই বিধ গছ দেখিবলৈ পোৱা যায় |

ঔষধি গুনাগুন : ১. কেই টা মান কুমলিয়া পাত কুমলিয়া ভীম কলৰ লগত মিহলাই খালে গ্ৰহনি ৰুগ উপশম হ্য় |
২. শুকান পাতৰ গুডি নিতৌ খালে মেদ কমে |
৩. পচতীয়া গছৰ শুকান পাতৰ ধোঁৱাই মহ আদি দুৰ কৰে |
৪. পচতীয়া পাতৰ ৰস খালে বৈভিন্ন ধৰনৰ গাৰ বিষ উপশম হয় |
৫. ২-৩ টা পচতীয়া পাত ঘিউত ভাজি খালে ভোক আৰু স্মিতি শক্তি বাঢে |
৬. চুলি সৰিলে বা টকৌয়ে খালে পচতীয়া পাত ৰস নাৰিকল তেলৰ লগত কিছু গৰম কৰি মুৰত সানিলে ভাল হয় |

No comments:

Post a Comment