Monday, August 8, 2011

তিতা কেৰেলা ( BITTER GOURD)



Assamese Name; তিতা কেৰেলা
ENGLISH NAME : BITTER GOURD
SCIENTIFIC NAME : MOMORDICA CHARANTIA

চমু পৰিছয় :
তিতা কেৰেলা লতা জাতিয় গছ | ইয়াৰ পাত বোৰ দীঘল আৰু সৰল | পাত বিলাক কেবাটাও খণ্ডত বিভক্ত আৰু কাষ বিলাক কটা | পাতৰ গুৰিৰ পৰা পাক খাই থকা দীঘল সূতা ওলায় | ফুল বিলাক একলিঙ্গ আৰু ৰং হালধীয়া | তিতা কেৰেলা বিলাক কেচাতে সেউজীয়া কিন্তু পকিলে হালধীয়া ৰঙৰ হয় | তিতা কেৰেলা বিলাক ৫-১৫ ছে:মি: দীঘল হয় | খাবলৈ তিতা, পকিলে ভিতৰত বহুতো গুটি হ্য়, দেখিবলৈ চেপেটা আৰু প্ৰায় ১-২ ছে:মি: দীঘল হয় |

ঔষধিয় গুণ :
১. তিতা কেৰেলা বা পাতৰ ৰস মৌৰসৰ লগত মিহলাই খালে লিভাৰৰ আৰু
ব্ৰংকাইটিছ অসুখ ভাল হয় |
২. ডায়েবেটিছ অসুখ থকা ৰোগিয়ে কেৰেলা খোৱা অতি আৱশ্যক | তিতা কেৰেলাই
ডায়েবেটিছ ৰোগ দবাই ৰখাত সহায় কৰে |
৩. ৫০-৬০ গ্ৰাম তিতা কেৰেলা ৰস একাপ পানীত মিহলাই খালে তেজ পৰিস্কাৰ হয় |
৪. তিতা কেৰেলা খালে ৰোগ প্ৰতিৰোধ আৰু শৰীৰত শুক্তি বঢ়াই |
৫. তিতা কেৰেলাই বহুমুত্ৰ আৰু ছালৰ অসুখ ভাল কৰে |
৬. তিতা কেৰেলাৰ পৰা MAP-20 নামৰ এবিধ প্লোটিন পোৱা যায় যিটোয়ে HIV নাশ কৰে |

No comments:

Post a Comment