Sunday, June 5, 2011

বনানী --

প্ৰাথমিক হিচাবমতে অসমত কমেও ৩৫০ বিধ সঘনা‍ই ব্যৱহৃত হোৱা ঔষধি উদ্ভিদ আছে |ঔষধি জাতীয় উদ্ভিদ সমূহৰ গুৰুত্বৰ বিষয়ে বহলা‍ই আলোচনা কৰাৰ প্ৰয়োজন বোধকৰো নাই কিয়নো আয়ুৰ্বেদৰ দিনৰে পৰা ভাৰতীয় লোকে জানে এই ঔষধী গুণযুক্ত উদ্ভিদসমূহৰ গুৰুত্বৰ বিষয়ে |
ঔষধি উদ্ভিদৰ বিষয়ে প্ৰাথমিক আভাস সৰ্ব সাধাৰণৰ মাজত সহজলভ্য কৰাটোৱেই ‘বনানী’ৰ মুখ্য উদ্দেশ্য |আজি ‘বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস’ৰ লগত সংগতি ৰাখি ‘বনানী’ক ৰাইজৰ মাজলৈ আগবঢ়ালো, সকলোৰে সহায় সহযোগিতা কামনা কৰি

1 comment:

  1. বনৌষধ বুলি ক'লে গুনাৰাম খনিকৰ দেওৰ নামটো মনলৈ আহে । তেওঁ বহুতো বনৌষধিৰ পৰা পাব পৰা উপশম/সমাধান বোৰৰ বিষয়ে কেইবা খনো গ্ৰন্থ লিখিছে । আশাকৰোঁ বৰ্তমান এই সুবিধা আন্ত:জালৰ যোগেদি থাউকতে পাব পাৰিম । শুভেচ্ছা থাকিল । অভিজ্ঞসকলক ইয়াত লেখা -মেলা কৰিবলৈ অনুৰোধ জনালোঁ ।

    ReplyDelete