Monday, August 8, 2011

নেফাফু (Nephaphu )


Assamese: নেফাফু (Nephaphu )
common name : East Indian Glory Bower
Botanaical Name : Clerodendrum colebrookianum
Family : Verbenaceae
Khasi : Dieng jakangum, Deing jalemkynthei
Mizo : Phuuihnam
Nepali : Anpui

East Indian glory bower is shrub or small tree. 1.5 to 3 m tall. branches are robust, 4 angled. leaf stalks are 2 to 20cm long, flowers are white or rarely pinkish with along narrow tubeof 1.2 -2.5 cm.
east Indian Glory Bower is found in N.E. India and parts of China and SE Asia. flowering : August _ December

নেফাফু এবিধ বহু বৰ্ষজীৱি ডাঙৰ ডাঙৰ পাতৰ প্ৰায় ২ মিটাৰমান ওখ, জোপোহা, সৰু, ঔষধী উদ্ভিদ |ওপৰৰ ফালে জোঙাহৈ বাঢ়ি যোৱা গাগছৰ তলৰ ডালবিলাক দীঘল যদিও ওপৰলৈ ক্ৰমান্বয়ে চুটি| গাঠিৰ পৰা ডাল পাত আদি ওলায় | ডাঙৰ ডাঙৰ পাতবোৰৰ তলৰ পিঠি খহতা |এই পাতবোৰৰ ঠাৰিৰ তলফালে চেনিৰ নিচিনা পদাৰ্থ দানা বান্ধি থাকে বাবে পাতত কলা-পৰুৱা ভৰি থকা দেখা যায় |তিতা-জ্বলা স্বাদৰ পাতবোৰ মোহাৰিলে এক বিশেষ গন্ধ পোৱা যায় |বগা ৰঙৰ ফুলবোৰ থোপা বান্ধি ফুলে |কেৱল উত্তৰ পূৰ্বাঞ্চলতহে এই উদ্ভিদ বেছিকৈ পোৱা যায় |

ঔষধী গুণসমূহ :

• নেফাফু গছৰ পাত উচ্চ ৰক্তচাপৰ বাবে বৰ উপকাৰী |
• ইয়াৰ ৩/৪ টা কোমল আগ চাৰিকোঁহ কেচাঁ নহৰুৰ লগত পিঁহি সুদা পেটত নাইবা পাতত দি তিনি চাৰি দিন খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰনত আহে |
• নেফাফুৰ কোমল পাতৰ ৰস গ্ৰহনী, পেটৰ বিষ আৰু হৃদৰোগৰ বাবেও অতি উপকাৰী
• এই শাক ভাজি খালে প্ৰসূতি নাৰীয়ে শৰীৰত শক্তি লাভ কৰে বুলি বিশ্বাস কৰা হয় |

2 comments:

  1. Very much useful and informative article. Need more information on other locally available(Assam, India) plants rich in medicinal values or can be used as common home remedies. Keep it up.Stay blessed








    ReplyDelete
  2. নিফাফুৰ ৰখ পৱা জায়ে নে

    ReplyDelete